12th February, 2024
The 14th foundation day of Karunadhara Trust was held on 12th February centrally in Tezpur. The day-long program of the Central Foundation Day began with the hoisting of the flag by the Executive President of the Sonitpur District Committee, Dr. Bhubaneswar Saharia. The exhibition of paintings by National Award winning painter Ratumani Das of Tezpur and Anupama Devnath of Hojai was inaugurated by Dr. Sourabh Kumar Bhuyan, Founder Secretary of Karunadhara in collaboration with Sonitpur District Sahayak Committee. Senior physician and veteran sportsman Dr. Biswa Ranjan Kalita inaugurated the program by lighting a lantern at the portrait of Homen Bargohain and inaugurated the main meeting chaired by Dr. Bhubaneshwar Saharia. The meeting was attended by Dr. Manbendra Bhuyan, Retired Professor, Tezpur University, Pratul Phukan, President, Nilima Goswami, Vice-President of the Trust, Dr. Nareswar Sharma, Secretary, Karunadhara Trust. The meeting also felicitated Nilima Goswami, Dr. Manjurani Devi, Dr. Anjanjyoti Choudhury, Jayant Chowdhury, artist Anupama Devnath and Tezpur painter Ratumani Das for giving impetus to the Karunadhara. The event was attended by Dr. Anjanjyoti Choudhury who performed the classic song of Sudhakanth titled 'Manuhe Manuhor Babe'. The awards were presented to nature lovers Kumud Barua of Bishwanath Chariali and Runjun Chutia of Kaumudalaya, Sibsagar. The central committee also felicitated the President of the Bangagaon District Committee and retired Professor Dr. Pranab Dhar who played key role in facilitating financial assistance of Rs. 40 lakh to 128 disabled persons. In the meeting, 5 special persons honored by the Sonitpur District Committee of "Karunadhara Trust": 1. Nature-lover Harendra Marang 2. Kamal Kumari Boro, a female farmer who has won many awards including the National "Atal Gaurav Award-2023" for her outstanding contribution to women's empowerment. 3. Dr. Ruby Katki, prominent dentist, writer and social worker. 4. Dr. Jahanara Begum, former trustee of Karunadhara, a prominent physician, social worker and actress and theater worker who has earned national honours. 5. Dr. Venkat Pradeep Babu, a prominent cancer physician, humanitarian, Tezpur Cancer Centre.
তেজপুৰত 'কৰুণাধাৰা ন্যাস'ৰ কেন্দ্ৰীয় প্রতিষ্ঠা দিৱস উদযাপন 'কৰুণাধাৰা ন্যাস'ৰ চতুৰ্দশ প্রতিষ্ঠা দিবস ১২ ফেব্ৰুৱাৰীত কেন্দ্রীয়ভাৱে তেজপুৰত অনুষ্ঠিত হয়। কেন্দ্রীয় প্রতিষ্ঠা দিৱসৰ দিনজোৰা কাৰ্যসূচী পতাকা উত্তোলনেৰে আৰম্ভ কৰে শোণিতপুৰ জিলা সমিতিৰ কাৰ্যকৰী সভাপতি ড° ভুবনেশ্বৰ চহৰীয়াই। কৰণাধাৰা ন্যাসৰ শোণিতপুৰ জিলা সহায়ক সমিতিৰ সহযোগত স্থানীয় শিশু কল্যাণ পৰিষদৰ কাৰ্যালয় চৌহদত অনুষ্ঠিত কার্যসূচীত ৰাষ্ট্রীয় বঁটাপ্ৰাপক তেজপুৰৰ চিত্রশিল্পী ৰাতুমণি দাস আৰু হোজাইৰ বিশেষভাবে সক্ষম কিশোৰী চিত্রশিল্পী অনুপমা দেবনাথৰ চিত্র প্রদর্শনী মুকলি কৰে কৰুণাধাৰা ন্যাসৰ প্ৰতিষ্ঠাপক সম্পাদক ডাঃ সৌৰভ কুমাৰ ভূঞাই। জ্যেষ্ঠ চিকিৎসক তথা প্রবীণ ক্রীড়াবিদ ডাঃ বিশ্বৰঞ্জন কলিতাই হোমেন বৰগোহাঞিৰ প্রতিচ্ছবিত বন্তি প্রজ্বলনেৰে শ্রদ্ধাঞ্জলি অনুষ্ঠানৰ শুভাৰম্ভ কৰাৰ লগতে ড° ভুবনেশ্বৰ চহৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত মূল সভাখনো উদ্বোধন কৰে। সভাখনত নিমন্ত্রিত অতিথিৰূপে তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° মানবেন্দ্র ভূঞা, কেন্দ্রীয় সভাপতি প্রতুল ফুকন, উপ- সভাপতি নীলিমা গোস্বামী, ন্যাসৰ অর্থ-সাহায্য সম্পাদক ডাঃ নৰেশ্বৰ শৰ্মা, কৰুণাধাৰা ন্যাসৰ প্রতিষ্ঠাপক সম্পাদক ডাঃ সৌৰভ কুমাৰ ভূঞাই ভাষণ আগবঢ়ায়। সভাত কেন্দ্রীয় সমিতিৰ তৰফৰ পৰা কৰুণাধাৰা ন্যাসক গতিশীলতা প্রদান কৰা নীলিমা গোস্বামী, ড° মঞ্জুৰাণী দেবী, ডাঃ অঞ্জনজ্যোতি চৌধুৰী, জয়ন্ত চৌধুৰী, শিল্পী অনুপমা দেৱনাথ আৰু তেজপুৰৰ চিত্রশিল্পী ৰাতুমণি দাসক সম্বর্ধনা জ্ঞাপন কৰা হয়। অনুষ্ঠানটোত ডাঃ অঞ্জন চৌধুৰীয়ে পৰিবেশন কৰা 'মানুহে মানুহৰ বাবে' শীর্ষক সুধাকণ্ঠৰ কালজয়ী গীতটিত উপস্থিত সকলোবে সংগ দিয়ে। উল্লেখ্য যে এই অনুষ্ঠানতে কেন্দ্রীয় সমিতিয়ে বিশ্বনাথ চাৰিআলিৰ প্রকৃতিপ্রেমী কুমুদ বৰুৱা আৰু শিৱসাগৰৰ 'কৌমুদালয়'ৰ ৰুণজুন চুতীয়াক 'কৰুণাধাৰা বঁটা' প্ৰদান কৰে। তদুপৰি ১২৮ গৰাকী প্রতিবন্ধীক আর্থিক স্বাৱলম্বিতাৰ ৪০ লাখ টকাৰ সহায়ৰ হাত প্রশস্ত কৰা বঙাইগাঁও জিলা সমিতিৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত অধ্যাপক ড° প্রণব ধৰকো কেন্দ্রীয় সমিতিৰ তৰফৰ পৰা বিশেষভাৱে সম্বর্ধনা জ্ঞাপন কৰা হয়। এই সভাত "কৰুণাধাৰা ন্যাস"-ৰ শোণিতপুৰ জিলা সমিতিয়ে ৫ জন বিশেষ ব্যক্তিক সম্বৰ্ধনা জনায়ঃ ১).প্ৰকৃতি-প্ৰেমী হৰেন্দ্ৰ মৰাঙ ২).নাৰী সবলীকৰণলৈ অতি উল্লেখযোগ্য বৰঙণি আগবঢ়োৱা ৰাষ্ট্ৰীয় "অটল গৌৰৱ বঁটা-২০২৩" কে ধৰি বহু বঁটাৰ বিজয়িনী মহিলা কৃষক কমল কুমাৰী বড়ো। ৩).বিশিষ্ট দন্ত চিকিৎসক,লেখক আৰু সমাজ কৰ্মী ডাঃ ৰুবী কটকী। ৪).বিশিষ্ট চিকিৎসক,সমাজকৰ্মী তথা অভিনয় জগতত ৰাষ্ট্ৰীয় সন্মানেৰে জিলিকি উঠিবলৈ সক্ষম হোৱা অভিনেত্ৰী তথা নাট্যকৰ্মী কৰুণাধাৰাৰ প্ৰাক্তন ন্যাসৰক্ষী ডাঃ জাহানাৰা বেগম । ৫).বিশিষ্ট কেন্সাৰ ৰোগৰ চিকিৎসক,মানৱ-দৰদী,দুখীয়াৰ বাবে ভগৱান স্বৰূপ তেজপুৰ কেন্সাৰ চেন্টাৰৰ চিকিৎসক ডাঃভেংকট প্ৰদীপ বাবু ।