12th February, 2026
১২ ফেব্ৰুৱাৰী তাৰিখে গুৱাহাটীৰ দিছপুৰস্থিত নেডফি প্ৰেক্ষাগৃহত কৰুণাধাৰাৰ ১৬তম প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয় । সভাত নিমন্ত্ৰিত অতিথি হিচাবে শ্ৰদ্ধেয় শ্ৰীহৃষীকেশ গোস্বামী আৰু শ্ৰীথানেশ্বৰ মালাকাৰ অংশ গ্ৰহণ কৰি সাৰগৰ্ভ ভাষণেৰে সকলোকে আপ্লুত কৰে । সভাত কৰুণাধাৰাৰ সভাপতি শ্ৰী প্ৰতুল চন্দ্ৰ ফুকনৰ লগতে পৰামৰ্শদাতা শ্ৰী সুভাষ দাস আৰু শ্ৰী বিপ্লৱ. কুমাৰ শৰ্মা দেৱে অংশ গ্ৰহণ কৰে । সভাত সমাজৰ কল্যাণৰ হকে কাম কৰা পাঠশালাৰ স্বৰাঞ্জলি আৰু গুৱাহাটীৰ পাচ (PASS) নামৰ অনুষ্ঠানলৈ সম্বৰ্ধনা আৰু আৰ্থিক অনুদান আগবঢ়োৱা হয় । অলপতে কিশোৰ কুমাৰৰ ৫৩ টি গীত একে লেথাৰিকে গাই ৰেকৰ্ড কৰা দৃষ্টিহীন শিল্পী শ্ৰী মনোজ কুমাৰ দাসক (কাশ্যপ) কৰুণাধাৰাৰ পৰা সম্বৰ্ধনা জনোৱা হয় । প্ৰতিষ্ঠা দিৱস উপলক্ষ্যে দিব্যাংগ স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ মাজত আয়োজিত চিত্ৰাংকন প্ৰতিযোগিতাৰ বিজয়ী সকলৰ মাজত বঁটা বিতৰণ কৰা হয়।