Karunadhara is a trust that was formed, officially, on February 12 in the year 2011. Its aim is to provide monetary succour to people who are disabled in some way and to those persons who are ill and can not afford the cost of treatment. It is the brainchild of late Shri Homen Borgohain – the Assamese author of several acclaimed books and journalist par excellence. During his journalistic career he saw many physically challenged and sick individuals who led a life of utter misery. Can something be done about this, can their conditions be alleviated? These thoughts led to the birth of Karunadhara - raise fund through donations from people and organizations who cared and disburse this money through a mechanism like a trust. That is how Karunadhara was conceived. The name Kaarunadhara is taken from, as late Shri Borgohain never tired of mentioning, Kabirguru Rabindranath’s poem “jibon jakhan sukaye jai/karunaharay asho/sokol madjuri lukaye jai/ ....” translated (by the bard himself): “when the heart is hard and parched up, come upon me with a shower of mercy/when grace is lost from life, come with a burst of song....” Karunadhara is all about empathy, “Hridayor andolon” as late Shri Borgohain put it so succinctly.
The objectives of Karunadhara, as enshrined in its charter are the following:
Karunadhara is a unique non-Government registered Trust (Registration No. being 1066 dt. 28-03-2011) dedicating itself for promoting overall well being of persons suffering from physical and /or mental disability and for enabling financially weak critically ill persons to avail of costly specialised treatment. In addition to providing required financial aid to such needy persons, Karunadhara has also been taking up various measures to develop latent talent and raise social status of physically and / or mentally challenged persons .
কৰুণাধাৰা ন্যাস উত্তৰ-পূৰ্বাঞ্চলৰ বিশেষকৈ অসমৰ জনগণৰ মাজত এটি সুপৰিচিত নাম। দয়া, মমতা, কৰুণা, সততা, স্বচ্ছতাৰে বিভুষিত অনুষ্ঠান আত্মা হৈছে আৰ্তজনৰ সেৱা । ২০১১ চনৰ ১২ ফেব্ৰুৱাৰী জন্ম হোৱা কৰুণাধাৰা প্ৰথিতযশা সাহিত্যিক, অসম সাহিত্য সভা প্ৰাক্তন সভাপতি, নিয়মীয়া বাৰ্তা কাকতৰ মুখ্য সম্পাদক হোমেন বৰ গোহাঞিদেৱৰ মানস সন্তান । প্ৰতিষ্ঠাপক সভাপতি নিশিনাথ চাংকাকতিদেৱৰ সবল সাাংগঠনিক নিপুনতাৰে গঠিত অনুষ্ঠানটিৰ বৰ্তমানৰ সভাপতি শ্ৰীযুত প্ৰতুল ফুকন। কৰুণাধাৰা এতিয়া লাহে লাহে অসমৰ জনগণৰ এক হৃদযৰ আন্দোলনলৈ পৰ্যবসিত হৈছে। হৃদযৰ আন্দোলনলৈ পৰ্যবসিত হৈছে।
মূলত চাৰিটা উদ্দেশ্য আগত ৰাখি বিগত সময়ছোৱাত কৰুণাধাৰাই কাম কৰি গৈছে, সেইসমূহ হ'ল -
অসমৰ জনসাধাৰণৰ সহায় সহজোগিতাৰে কৰুণাধাৰা ন্যাসে ইতিমধ্যে বাৰটা অৰ্থবহ বছৰ পূৰ্ণ কৰি ত্ৰয়োদশ বৰ্ষত ভৰি দিছেহি। এই সমযৰ ভিতৰতে ন্যাসে ২০২৩ চনৰ আগষ্ট মাহ পৰ্য্যন্ত মুঠতে ২৪২১ জন সাহায্য প্ৰত্যাশী প্ৰাৰ্থী (ইয়াৰে শাৰীৰিক- মানসিকভাৱে অক্ষম ১০৫৮ জন আৰু জটিল ৰোগত আক্ৰান্ত ১৩৬৩ জন)ক মুঠ ৪,২২,০৭,৩৯১.০০ টকাৰ সাহায্য আগবঢ়াবলৈ সক্ষম হৈছে।
কৰুণাধাৰাই অনুভৱ কৰে যে অকল টকা-পইচাই মানুহৰ দুখ দুৰ্গতি মোচন কৰিব নোৱাৰে, মানসিক সন্তুষ্টি আনিব নোৱাৰে। শাৰীৰিক আৰু মানসিকভাৱে অক্ষম লোকসকলক সবল কৰাৰ উপায় হৈছে তেওলোকৰ মনত আধ্যাত্মিকতাৰ ভাব জাগ্ৰত কৰা সৃষ্টিশীল কামত নিয়োজিত কৰা ।
এই দিশত কৰুণাধাৰাই কিছু কাম কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য কেইটামান কাম হ'ল — বিশেষভাৱে সক্ষম লোকৰ লেখাৰ পৰা বছা বছা ২৬ টি লেখা সংগ্ৰহ কৰি "আমি অপৰাজেয়" আৰু মনৰ কথা নামৰ দুখন গ্ৰন্থ প্ৰকাশ, তেওলোকৰ দ্বাৰা অংকিত চিত্ৰ তথা হস্ত শিল্পৰ প্ৰদৰ্শন, বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন, আলোচনাচক্ৰ, সজাগতা সোভাযাত্ৰা, ঠাইতে ছবি আকা প্ৰতিযোগিতা, বছৰেকীয়া খেল-ধেমালি পতা ইত্যাদি। কৰুণাধাৰাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ লগতে সাহায্য প্ৰাৰ্থীসকলৰ সুবিধাৰ অৰ্থে অসমৰ প্ৰতিখন জিলাত (কেইখনমান মহকুমাতো আছে) মুঠ ৩৩ খন জিলা সহায়ক কমিটি গঠন কৰা হৈছে।
উল্লেখযোগ্য যে ২ আগষ্ট, ২০২৩ তাৰিখে কৰুণাধাৰা ন্যাসে বঙাইগাঁও শোধনাগাৰ কতৃপক্ষৰ সহযোগত ১২৮ গৰাকী দিবাংগ লোকৰ মাজত জীৱিকা নিৰ্বাহনৰ আহিলা - চিলাই মেচিন, জেৰক্স মেচিন আৰু কম্পিউটাৰ বঙাইগাঁও শোধনাগাৰ আবাসিক চৌহদত অবস্থিত শোধনাগাৰ বিনোদন কেন্দ্ৰত বিতৰণ কৰে। প্ৰায় চল্লিশ লক্ষ টকা ব্যয়ৰে এই আহিলাসমূহ যোগান ধৰা বাবে কৰুণাধাৰা ন্যাসে সন্তোষ প্ৰকাশ কৰে আৰু শোধনাগাৰ কতৃপক্ষক কৃতজ্ঞতা জনায়।
কৰুণাধাৰাৰ চলন্ত শক্তি হৈছে অনুষ্ঠানটিৰ সততা আৰু স্বচ্ছতা। আৰ্তজনৰ সেৱাৰ বাহিৰে কৰুণাধাৰাই ৰাইজৰ ধন আন একোতে খৰচ নকৰে। ৰাইজৰ অনুদানেই হৈছে কৰুণাধাৰাৰ একমাত্ৰ আৰ্থিক সবল। অৱশ্যে কেইটিমান শুভাকাঙ্খী অনুষ্ঠান প্ৰতিষ্ঠানৰ পৰা এই ন্যাসে মাজে সময়ে কিছু অৰ্থ সাহায্য লাভ কৰি আহিছে। কৰুণাধাৰা হৈছে ৰাইজৰ অনুষ্ঠান, ৰাইজৰ দ্বাৰা ৰাইজৰ হিতাৰ্থে কাম কৰা অনুষ্ঠান, ৰাইজৰ আন্তৰিক সহায় সহযোগে অনুষ্ঠানটিক নিৰবিচ্ছিন্নভাৱে চলি থকাত নিশ্চয়কৈ সহায় কৰিব।