12 May, 2024

3rd Homen Borgohain Memorial Lecture

১২ মে তাৰিখে পাণবজাৰস্থিত Institute of Engineers ৰ প্ৰেক্ষাগৃহত তৃতীয় হোমেন বৰগোহাঞি স্মাৰক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয় I বক্তৃতা প্ৰদান কৰে অধ্যাপক ডঃ ৰাজেন শইকীয়াই I বৰগোহাঞিৰ সাংবাদিকতাৰ আৰম্ভণিৰ বিষয়ে উল্লেখ কৰি অধ্যাপক ড° শইকীয়াই কয়- 'হোমেন বৰগোহাঞিয়ে 'বিভিন্ন নৰক' কিতাপখন লিখি পোৱা চৰকাৰী মানসিক নির্যাতনৰ পিচত যেতিয়া সাংবাদিকতাক বৃত্তি হিচাপে গ্রহণ কৰিছিল, তেতিয়া তেওঁ তিনিটা আদর্শ আৰু লক্ষ্য ঠিক কৰি লৈছিল। সেইকেইটা হৈছে- জীৱনটোত দুর্নীতিৰ বিৰুদ্ধে যুঁজা, গণতান্ত্রিক প্ৰমূল্যবোধ বৰ্তাই ৰখা আৰু সকলো জনগোষ্ঠীৰ লোকৰ সংহতিৰ বাবে আত্মোৎসর্গ কৰা। মই ব্যক্তিগতভাৱে অনুভৱ কৰো, বৰগোহাঞিৰ দীঘলীয়া সাংবাদিক জীৱনত 'নীলাচল'তেই তেওঁৰ আপোচবিহীন চৰিত্ৰৰ সামগ্রিক সমাবেশ ঘটিছিল।' 'সাপ্তাহিক নীলাচল'ৰ পৰা 'নিয়মীয়া বার্তা লৈকে বৰগোহাঞিৰ দীঘলীয়া সাংবাদিক জীৱন সন্দৰ্ভত অধ্যাপক ড° ৰাজেন শইকীয়াই আগবঢ়োৱা বক্তব্যই উপস্থিত সকলোকে মুগ্ধ কৰে। বিশিষ্ট লেখক-চিকিৎসক ৰুবী কটকীয়ে আঁত ধৰা অনুষ্ঠানৰ আৰম্ভণিতে 'কৰুণাধাৰা'ৰ - শীর্ষ গীত পৰিবেশন কৰা হয়। ইয়াৰ পিচতে - হোমেন বৰগোহাঞিৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি - প্রজ্বলন কৰে অধ্যাপক ড° ৰাজেন শইকীয়া, সুভাষ চন্দ্ৰ দাস, মৃণাল বৰুৱা, ধ্ৰুৱজ্যোতি দাস, থানেশ্বৰ মালাকাৰ, নবীন বৰুৱা আৰু ব্রিগেডিয়াৰ ৰঞ্জিত বৰঠাকুৰে। অনুষ্ঠানত ৰূপম তালুকদাৰে বাদ্যযন্ত্ৰত লঘু সংগীতৰ সুৰ পৰিবেশনেৰে উপস্থিত লোকসকলক আপ্লুত কৰে। ইফালে কৰুণাধাৰাৰ গুৱাহাটী মহানগৰ সমিতিৰ অধ্যক্ষ, প্রাক্তন প্রশাসনিক বিষয়া মৃণাল বৰুৱাই হোমেন বৰগোহাঞিক স্মৰণ কৰি দুআষাৰ কয়। এই অনুষ্ঠানত সমাজৰ ভিন্ন ক্ষেত্ৰৰে জড়িত বহু ব্যক্তিয়ে অংশ লৈ বিশিষ্ট কথাশিল্পীগৰাকীলৈ শ্রদ্ধাঞ্জলি জনায়। অনুষ্ঠানৰ শেষত ডাঃ নৰেশ্বৰ শৰ্মাই শলাগৰ শৰাই আগবঢ়ায়। সভাত ৮ গৰাকী হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয় I