24 November, 2024
গুৱাহাটীৰ বি বৰুৱা মহাবিদ্যালয়ৰ প্রেক্ষাগৃহত ২৪ নৱেম্বৰ তাৰিখে কৰুণাধাৰাৰ ২০২৩-২৪ বৰ্ষৰ বার্ষিক সাধাৰণ সভা অনুষ্ঠিত হয় I সভাত সভাপতিত্ব কৰি শ্ৰী প্ৰতুল ফুকনে কয় যে কৰুণাধাৰাই কঠিন আৰু জটিল ৰোগত আক্রান্ত দৰিদ্ৰ লোকসকলৰ লগতে দিব্যাংগসকলৰ প্রতি মানুহৰ মনত কৰুণাৰ ভাব জাগ্রত কৰি সেই যন্ত্রণাকাতৰ মানুহখিনিৰ কাষত থিয় হৈ তেওঁলোকক আর্থিকভাবে সহায় আৰু মানসিকভাবে সবল কৰিবলৈ অহৰহ চেষ্টা কৰুণাধাৰাই চলাই আহিছে। ডাঃ নৰেশ্বৰ শৰ্মা ৰচিত সমবেত সংগীত পৰিবেশন কৰি শুভাৰম্ভ কৰা এই সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক (প্রশাসন) নৱজ্যোতি ভূঞাই। সম্পাদক (বিত্ত) ডাঃ নৰেশ্বৰ শর্মাই কৰণাধাৰাই ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীৰ পৰা চলিত বৰ্ষৰ ৩১ অক্টোবৰলৈ মুঠ ২,৬৬২ জন বিশেষভাবে সক্ষম আৰু কঠিন ৰোগত আক্ৰান্ত ৰোগীক ৪,৬৫,০৪,৭৮১ টকা আর্থিক সাহায্য আগবঢ়োৱাৰ তথ্য দাঙি ধৰে। সভাত কৰুণাধাৰাৰ মুখ্য উপদেষ্টা, অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাষ চন্দ্র দাসে কৰুণাধাৰাৰ সংবিধানৰ বিষয়ে বক্তব্য আগবঢ়াই দিব্যাংগসকলৰ আশ্রয়গৃহৰ বাবে বেলতলা মৌজাৰ ১৩৭ নম্বৰ দাগৰ বোন্দা চপাইদাং অঞ্চলত পোৱা দুবিঘা মাটিত প্রস্তাবিত প্রকল্পটো নির্মাণত সহযোগ কামনা কৰে। সভাত মৰিগাঁৱৰ মিলেশ্বৰ পাতৰ, তেজপুৰৰ কৃষ্ণা শর্মা, দৰঙৰ শেখৰ মজুমদাৰ, লখিমপুৰৰ প্রেমানন্দ হাও বৰা, বঙাইগাঁৱৰ ড: প্রণব কুমাৰ ধৰ, গুৱাহাটী মহানগৰ সমিতিৰ মৃণাল কুমাৰ বৰুৱা, বিজনীৰ ধীৰেন্দ্র নাথ মেধি, হাজোৰ শিৱপ্ৰসাদ শর্মা, ন্যাসৰ কোষাধ্যক্ষ দিলীপ কুমাৰ বিশ্বাস, হোজাইৰ অনুপ কুমাৰ বৰঠাকুৰে চমু বক্তব্য আগবঢ়ায়। সভাৰ আঁত ধৰে ডাঃ ৰুবী কটকীয়ে।